Disneyland 1972 Love the old s
K.Kallol 2014

মুখ্য পৃষ্ঠা


এডাল গছ
========

এডাল গছ
ছাঁ দিয়ে
ৰ'দে বৰষুণে ছাতি হয়
এটা স্থিৰ ছাতি

এডাল গছ
সাক্ষীহৈ ৰ'য় অনেক যন্ত্ৰণাৰ
অথচ মুখ খুলি কাকো একো ক'ব নোৱাৰে
এনে কি আত্মহত্যাও কৰিব নোৱাৰে

এডাল গছ
তেওঁৰ বুকুত
হাজাৰটা যন্ত্ৰণাৰ
তামসিক এন্ধাৰ

আপুনি যদি সেই গছ হ'লহেঁতেন
দাঁতিত থিয়দি
দুপৰ নিশা !

ණ কন্দৰ্পজিৎ কল্লোল

(মায়া, জানুৱাৰী ২০১৪)